Tuesday, November 26, 2013

জাহ্নৱী-অসমীয়া বানান পৰীক্ষক



কম্পিউটাৰত খৰতকীয়াকৈ অসমীয়া লিখিবলৈ এক উন্নত মানৰ সঁজুলিৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিবলৈ হাতত লোৱা এক প্ৰকল্পৰ ফলশ্ৰুতিত জাহ্নৱীৰ সৃষ্টি৷ অসমত নিৰ্মাণ কৰা এই সঁজুলিটো বিনামূলীয়াকৈ ৰাইজৰ বাবে আগবঢ়োৱা হৈছে৷

এই সঁজুলিটোৰ মুখ্য সুবিধাসমূহ হ’ল-
লিখিব বিচৰা শব্দৰ বাবে স্বয়ংক্ৰিয় পৰামৰ্শ(Auto Suggestion)
অভিধান
নিজৰ অভিধানত শব্দ সন্নিবিষ্ট কৰিব পৰা ব্যৱস্থা
বানান পৰীক্ষা
ব্যৱহাৰকাৰীৰ নিজৰ বাক্য বা বাক্যাংশৰ বাবে চৰ্টকাটৰ সৃষ্টিৰ সুবিধা
ফকৰা-যোজনা


জাহ্নৱী কৰ্মদলে সম্পূৰ্ণ স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়াই প্ৰস্তুত কৰি তোলা এই আহিলাটোৰ সফলতা ৰাইজৰ সঁহাৰিৰ ওপৰতহে নিৰ্ভৰ কৰিব। গতিকে ৰাইজলৈ অনুৰোধ এই আহিলাটো ব্যৱহাৰৰ পিছত আপোনাৰ মনত উদয় হোৱা বিভিন্ন পৰামৰ্শ, আপুনি সন্মুখীন হোৱা অসুবিধাসমূহ জনাই আহিলাটো উন্নত কৰাত স্বেচ্ছাসেৱীসকলক উৎসাহ প্ৰদান কৰে যেন।

জাহ্নৱীৰ দ্বিতীয় পৰ্য্যায়ত এখন পূৰ্ণাঙ্গ অফলাইন ডিজিটেল অভিধান, অসমৰ উল্লেখনীয় ঠাই-অনুষ্ঠান/ বুৰঞ্জীমূলক কীৰ্ত্তিচিহ্নসমুহৰ বিৱৰণেৰে সৈতে সংলগ্ন কৰা হ'ব। বৰ্ত্তমান নামমাত্ৰ স্বেচ্ছাসেৱকৰ উদ্যোগত সঁজুলিটো ৰাইজৰ মাজলৈ আগবঢ়োৱা হৈছে৷ নতুন সদস্য অন্তৰ্ভুক্তিৰে ৰাইজৰ মাজলৈ অতি সোনকালে বেছি উন্নত মানৰ সঁজুলিটো আগবঢ়াব পাৰিম বুলি জাহ্নৱী দলৰ ফালৰপৰা আশা কৰিছোঁ।
জাহ্নৱীৰ বিষয়ে

জাহ্নৱী এক অসমীয়া ইউনিক’ডেৰে লিখিবপৰা বহু সুবিধাযুক্ত বিনামূলীয়া ”ৱৰ্ড প্ৰচেছৰ” সঁজুলি, তাৰে কিছুমান বিশেষ সুবিধা হ’ল - লিখিব বিচৰা শব্দৰ বাবে স্বয়ংক্ৰিয় পৰামৰ্শ, অভিধান,নিজৰ অভিধানত শব্দ সন্নিবিষ্ট কৰিব পৰা ব্যৱস্থা,বানান পৰীক্ষা,ব্যৱহাৰকাৰীৰ নিজৰ বাক্য বা বাক্যাংশৰ বাবে চৰ্টকাটৰ সৃষ্টিৰ সুবিধা, ফকৰা-যোজনা আদি ।

Download links : http://www.jahnabi.org/download.html

Installation and Usage Guide : http://www.jahnabi.org/installation.html

Help-file : http://www.jahnabi.org/help.pdf

facebook group : https://www.facebook.com/groups/jahnabi.soft

জাহ্নৱী ৱৰ্ড প্ৰচেছৰ (http://www.jahnabi.org/)